Type of Teacher in Assam_ Teacher Day special Speech in assamese 2021_Cagesof knowledge

 Type of Teacher in Assam_ Teacher Day special Speech in assamese 2021_



"শিক্ষক হল এটা মমবাতিৰ নিচিনা যিয়ে নিজে গলি আনক পোহৰ দিয়ে"


অসমীয়া ভাষাত এই কথাষাৰ অতি জনপ্ৰিয় এটি  বাক্য। প্ৰতিটো বছৰৰ 5 September তাৰিখে শিক্ষক দিৱস হিচাপে পালন কৰা হয় আৰু সেই দিনটোতে সকলো শিক্ষকক সন্মান আৰু শ্রদ্ধা কৰা হয়। কিন্তু আজি আমি এই বিষয়টোৰ উপৰত আলোচনা কৰিম যে এজন শিক্ষক সঁচাকৈয়ে নিজে গলি আনক পোহৰ দিয়ে নেকি ? 


প্ৰথমতে আমি জানি লওঁ 5 September তাৰিখে কিয় শিক্ষক দিৱস হিচাপে পালন কৰা হয় ? 

ভাৰতবৰ্ষত 1962 চনৰ পৰা ভাৰতৰ দ্বিতীয় সভাপতি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনাখন অৰ্থাৎ 5 ছেপটেম্বৰৰ দিনা শিক্ষক দিৱস হিচাপে পালন কৰা হয়।

কিন্তু আপুনি জানি আচৰিত হব যে Argentina ত 5 ছেপ্টেম্বৰৰ ঠাইত 11 ছেপ্টেম্বৰৰ দিনাখন শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এতিয়া প্ৰশ্ন হয় Argentinaত কিয় 11 September তাৰিখে শিক্ষক দিৱস পালন কৰা হয় ? 

Argentinaৰ সপ্তম president Doming Faustino Sarmiento ৰ মৃত্যু দিনাখন 11 ছেপ্টেম্বৰৰ দিনটো পৰম্পৰা ভাবে শিক্ষক দিৱস হিচাপে পালন কৰে।


পৃথিৱীত এনেকুৱা আৰু বহুতো দেশ আছে যিবোৰ দেশত 5 September বা 11 September ৰ ঠাইত 5 October তাৰিখে শিক্ষক দিৱস পালন কৰা হয়। 5 October তাৰিখে শিক্ষক দিৱস হিচাপে UNESCO সংগঠনৰ দ্ধাৰা 1994 চনৰ পৰা বিশ্ব শিক্ষক দিৱস হিচাপে পালন কৰি আছে। আৰু এনেকৈয়ে বহুতো দেশে 5 October তাৰিখেই teacher Day হিচাপে পালন কৰি আছে। 



Respect Teacher In India / Assam


আমাৰ দেশ ভাৰত বৰ্ষত এজন শিক্ষকক যিমান সন্মান দিয়া হয় সঁচাকৈয়ে শিক্ষকক ইমান সন্মান দিব লাগে নেকি ? আমাৰ দেশৰ বাহিৰে অন্য দেশ বোৰতো একে সমান সন্মান কৰে নেকি ?


মানুহে কয় শিক্ষক হল জ্ঞানৰ ভঁৰাল, শিক্ষক হল শ্রদ্ধাৰ পাত্ৰ, শিক্ষা গুৰুক সদাই সন্মান কৰিব লাগে। বেলেগ দেশ বোৰক চাবলৈ গলে শিক্ষক আৰু ছাত্ৰৰ মাজত কোনো পাৰ্থক্য দেখিবলৈ নাপাব। তেওঁলোকৰ মাজত এটা বন্ধুত্ব ভাৱ আছে কিন্তু আমাৰ ভাৰতবৰ্ষত ছাত্ৰ আৰু শিক্ষকৰ মাজত বন্ধুত্বৰ অভাৱ। আমাৰ দেশত শিক্ষকক চালে ছাত্ৰই ভয়তে মুতি দিয়ে। আমাৰ ইয়াত শিক্ষা হল বেতৰ আগত। যাৰ কাৰণে ছাত্ৰৰ মনত জমা হৈ থকা নানান ধৰণৰ প্ৰশ্নৰ উত্তৰ ভয়তে শিক্ষকক সুধিব নোৱাৰে। যাৰ বাবে তেওঁলোক গোটেই জীবন নিজৰ মাজত কিছুমান প্ৰশ্নৰ বুজা লৈ থাকিব লগা হয়। 


Fault of Indian Teacher


 আমাৰ দেশৰ শিক্ষকে ছাত্ৰক প্ৰশ্ন সুধে, উত্তৰ দিব নোৱাৰিলে ছাত্ৰই উচিত শাস্তি পাব লগা হয় কিন্তু আচলতে ছাত্ৰই স্কুল কলেজ বিলাকত শিকিবলৈহে যায়। আচলতে ছাত্ৰই হে শিক্ষকক প্ৰশ্ন সুধিব আৰু শিক্ষকে উত্তৰ দিব লাগে। 

এনেকুৱা ত্ৰুটি থকাৰ কাৰণে আমাৰ দেশৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষা আধৰুৱা হৈ থাকে। তেওঁলোকে পৰ্যাপ্ত পৰিমাণে জ্ঞান আহৰণ কৰিব নোৱাৰে। কিন্তু বেলেগ দেশত ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হয়। আজি আমাৰ দেশৰ শিক্ষা ব্যৱস্থা উন্নত নোহোৱাৰ কাৰণেই আমাৰ দেশ পিছপৰি আছে।


আমাৰ দেশত ভাল এটা শিক্ষক পাবলৈ অতি টান। আমাৰ ভাৰতবৰ্ষত যিবোৰ মানুহে জীৱনত একোঁ কৰিব নোৱাৰে, সকলো ক্ষেত্ৰতে অসফলতা অৰ্জন কৰে তেওঁলোকে শেষত গৈ কোনো এটা private স্কুল বা কলেজত শিক্ষকতা কৰে। কিন্তু যিজন ব্যক্তিয়ে জীৱনত একো সফলতা লাভ কৰিব পৰা নাই, তেঁও কেনেকৈ ছাত্ৰ ছাত্ৰীৰ জীৱনত সফলতা অৰ্জন কৰাত সহায় কৰিব ? এনেকুৱাধৰণৰশিক্ষককেনেকৈ ছাত্ৰ ছাত্ৰীক শিক্ষিত কৰিব ? এনেকুৱা মূৰ্খ শিক্ষকৰ দল হল আমাৰ দেশ ভাৰতবৰ্ষত।



স্বামী বিবেকানন্দই কৈছিল যদি তুমি জীৱনত এজন সফল ব্যক্তি হব বিচৰা তেন্তে প্ৰথমে এজন সফল ব্যক্তি বিচাৰি লোৱা যিয়ে তোমাক সঠিক পথ দেখুৱাব পাৰিব। আপোনাৰ লগত মানুহে যেনেকুৱা ব্যৱহাৰ কৰিব অপুনিও মানুহৰ লগত তেনেকুৱা ব্যৱহাৰ কৰা উচিত। এজন ব্যক্তি শিক্ষক হল কাৰণেই যে তাক সন্মান কৰিব লাগিব গোটেই জীবন তাক মুৰৰ উপৰত স্থান দিব লাগিব, তেনেকুৱা নহয়। যদি আপোনাক সঠিক পথ দেখুৱাব পাৰিছে তেন্তে তেওঁক সন্মান কৰক। 


জীৱনত কোনে কি কয় সেইটোয়ে সঁচা বুলি নাভাবিব। আমাৰ দেশত এনেকুৱা বহুত বৃত্তলোক আছে যিবিলাক সময়ে সময়ে আমাক বহুত কথা শিকাই থাকে। কিন্তু তেওঁলোকৰ সকলোবোৰ কথা শুদ্ধ নহবও পাৰে। গতিকে তেওঁলোক ডাঙৰ কাৰণেই যে তেওঁলোকৰ কথা শুদ্ধ সেইটো নহবও পাৰে। নিজে শুদ্ধ টো বিচাৰি উলিয়াব লাগিব। নিজে সমাজৰ পৰা অন্ধবিশ্বাস আঁতৰাব লাগিব। এইটোৱে ছাত্ৰৰ কৰ্তব্য। 


সদৌ শেষত আপুনি আপোনাৰ শিক্ষকক সন্মান কৰক কিন্তু জুনে যিমান সন্মানৰ উপযুক্ত সিমানে কৰক।


What is the meaning of Assamese song Turut turut

International yoga day 2021-2022 in assamese language

How to write first page of a project in Assamese

আপুনি article টো পঢ়ি কেনেকুৱা পালে। ? নিশ্চয় বহুতো নতুন কথা শিকিব পাৰিলে। এনেকুৱা ভাল ভাল article পঢ়ি থাকিবলৈ এতিয়াই আমাৰ website subscribe কৰক আৰু আপোনাৰ Friend ৰ লগত WhatsApp ত sheare কৰক।  Thank you.










Post a Comment

Previous Post Next Post